বনৰীয়া ম’হৰ আতংকই খেদি ফুৰিছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ একাংশ স্থানীয় কৃষিজীৱী গঞাক। উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত কৃষি প্ৰধান অঞ্চল হিচাপে পৰিগণিত হৈ অহা বিশাল ভূখণ্ড চৰ নেহালি চাপৰিত পুৰাতন কালৰে পৰাই বৃহত্তৰ ধাৰাপুৰ, ধোপৰতল, মজলী, গড়ল, ভট্টাপাৰা, মাজিৰগাঁও, কেন্দুকুছি আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক কৃষিজীৱী গঞাই খেতিবাতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। সম্প্রতি চৰ নেহালিতইতিমধ্যে কৃষিজীৱী গঞাই বিভিন্ন ধৰণৰ ধানখেতিৰ লগতে বিভিন্ন প্ৰজাতিৰ ৰবি শস্যৰ খেতি আৰম্ভণি কৰিছে। ইয়াৰ মাজতে প্ৰায় ডেৰ মাহ ধৰি বিশাল ভূখণ্ড চৰ নেহালি চাপৰিত হঠাতে আবিৰ্ভাৱ হোৱা ছয়টা বনৰীয়া ম’হৰ উৎপাতত কৃষিজীৱী গঞা ভীষণ সমস্যাত পৰিছে। এই সন্দৰ্ভত স্থানীয় কৃষিজীৱী গঞাই বিগত জুলাই মাহত ব্ৰহ্মপুত্ৰৰৰ বাঢ়নী পানীত কোনো অভয়াৰণ্যৰ পৰা বনৰীয়া ম’হ জাক উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত চৰ নেহালি তথা ৰাণী চাপৰিৰ কৃষক সকলৰ উমৈহতীয়া সংগঠন ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে বিগত আগষ্ট মাহৰ প্ৰথম সপ্তাহত ম’হ জাকক একাংশ কৃষকে প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত মহ জাকে খেতিপথাৰত সোমাই খেতিবাতি তহিলং কৰাত শংকিত হৈ পৰিছে কৃষক সকল। বনৰীয়া ম’হৰ জাকৰ খোজৰ চিন প্ৰায়ে দেখা পোৱা যায় খেতি পথাৰবোৰত। সমিতিয়ে যোৱা স্বাধীনতা দিৱসৰ পাছত স্থানীয় ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অৱগত কৰে। তাৰ পাছত দুদিন নে তিনিদিন বনকৰ্মীৰ এটা দল ভূটভুটিৰে চৰ নেহালি চাপৰিত উপস্থিত হৈ বিজ্ঞান সন্মত পদ্ধতিৰে মহজাকক খেদি পঠিওৱাৰ সলনি ফটকা ফুটাই দায়িত্ব সামৰে। ফলত মহজাক ৰাণী চাপৰিত এতিয়াও অৱস্থান কৰি খেতি পথাৰত মুক্তভাবে বিচৰণ কৰি খেতিবাতি নষ্ট কৰি আহিছে। যাৰ বাবে কৃষক সকলে বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অতি শীঘ্ৰেই বনৰীয়া ম’হৰ জাকক তাৰ পৰা খেদি পঠিয়াবলৈ কৃষক সকলৰ হৈ সমিতিয়ে দাবী জনাইছে। কিয়নো মহজাক খেদি পঠিওৱা কাৰ্যত পলম কৰিলে আগন্তুক দিনত ম’হৰ আক্ৰমনত কৃষকৰ লগতে পশুধনৰ মৃত্যু হোৱাৰ আশংকা ঘনীভূত হৈছে।