দিল্লী উচ্চ ন্যায়ালয়ত অক্সিজেনৰ সংকটৰ ঘটনা সন্দৰ্ভত হোৱা শুনানিৰ সময়ছোৱাত আদালতে হাস্পতালত অক্সিজেনৰ অভাৱক লৈ ক্ষোভ প্ৰকাশ কৰে।
শুনানি গ্ৰহণৰ সময়ত উচ্চ ন্যায়ালয়ে ক’লে যে, যিয়ে অক্সিজেনৰ সৰবৰাহত বাধা প্ৰদান কৰাৰ চেষ্টা চলাব, আমি সেইজন লোকক ফাঁচীকাঠত ওলোমাই দিম।
ন্যায়াধীশ বিপিন সাংঘী আৰু ন্যায়াধীশ ৰেখা পল্লীৰ বিচাৰপীঠে ক’ভিড ৰোগীৰ চিকিৎসাৰ সময়ছোৱাত হৈ থকা অক্সিজেনৰ অভাৱক লৈ দিয়া এখন আৱেদনক লৈ কঠোৰ মন্তব্য প্ৰদান কৰে।
আৱেদন দাখিল কৰিছিল মহাৰাজা অগ্ৰসেন হাস্পতালে।
কোনোৱে বাচিব নোৱাৰিবঃ উচ্চ ন্যায়ালয়
দিল্লীৰ লোকসকলে অক্সিজেন নোপোৱাক লৈ উচ্চ ন্যায়ালয়ে কঠোৰ মন্তব্য প্ৰদান কৰি কয় যে, ‘এয়া এক অপৰাধ।
যদি কোনোৱে অক্সিজেনৰ সৰবৰাহত বাধা প্ৰদান কৰে, তেন্তে তেনে লোকক যিকোনো কাৰণতে এৰি দিয়া নহ’ব আৰু ফাঁচীকাঠত ওলোমাই দিয়া হ’ব।
অক্সিজেনক লৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক লৈ আদালত সন্তুষ্ট নহয়।
এই সন্দৰ্ভত আমি কাকো এৰি নিদিও, সেয়া কোনো উচ্চ বিষয়াই হওক বা নিম্ন বিষয়াই হওক।
কেন্দ্ৰ চৰকাৰে এই বিষয়টোক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।
জীৱন মৌলিক অধিকাৰ হয়।
আদালতে দিল্লী চৰকাৰক এই কথাটোও ক’লে যে,
আচলতে কোনে অক্সিজেন সৰবৰাহত বাধা প্ৰদান কৰি আছে।
বিচাৰ পীঠে ক’লে, আমি সেই লোকজনক ফাঁচী দিম।
আমি কোনো লোককে এৰি নিদিও।
Photo: Google