দেশত তীব্ৰ গতিত বাঢ়িছে অ’মিক্ৰণৰ সংহাৰ। এই পৰ্যন্ত দেশত অ’মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যাই ৪০০ৰ ঘৰ স্পৰ্শ কৰিছে। অসমত এতিয়ালৈকে কোৰোণাৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত লোক ধৰা পৰা নাই যদিও ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ উদযাপনৰ ওপৰতো মন্তব্য কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নাই কোনা বাধ্য-বাধকতা। ক’ভিড সম্পৰ্কীয় আন নিৰ্দেশনাবোৰ আজি স্বাস্থ্যমন্ত্ৰীয়ে অৱগত কৰিব। অমিক্ৰণক লৈ সতৰ্ক হোৱা উচিত বুলিও তেওঁ কয়।
আনহাতে, ৰাজ্যৰ চৰকাৰী সঞ্চালকালয়সমূহ শীঘ্ৰে লখৰাৰ বেতকুটিলৈ স্থানান্তৰ হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত শৰ্মাই কয় যে, ‘স্থানান্তৰৰ বাবে ৫০০ কোটি টকা আৱন্টন দিয়া হৈছে। নিবিদাৰ কাম আৰম্ভ হৈছে, ৫ মাহৰ ভিতৰত কাম আৰম্ভ হ’ব। জনসাধাৰণৰ সুবিধাৰ্থে একেটা স্থানতেই সকলো সঞ্চালকালয় কৰা হৈছে বুলি তেওঁ জনায়।