ৰাজ্যত আন এক জঘন্য ঘটনা সংঘটিত হয়। যোৰহাটৰ তৰাজানত এগৰাকী মহিলাৰ সৈতে নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে দুই ৰিক্সা চালকে। সোমবাৰে নিশা এগৰাকী মহিলা উলংগ অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। পিছত আৰক্ষীয়ে অচেতন অৱস্থাত থকা মহিলাগৰাকীক পৰীক্ষাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱায়।
মহিলাগৰাকী উদ্ধাৰ হোৱা স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৫০ টকা, এযোৰ শ্লিপাৰ আৰু এটা বেগ। এই কথা জানিবলৈ দিয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াই।
ঘটনাটো সংঘটিত হোৱাৰ পিছতে যোৰহাট আৰক্ষীয়ে লম্পট দুটাক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ হৈ পৰিছিল। আৰু আজি অৰ্থাৎ মঙলবাৰে এই কাণ্ডৰ লগত জড়িত দুই ৰিক্সাচালকক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে। ধৃত দুই ৰিক্সাচালক পিতৃ আৰু পুত্ৰ বুলি জানিবলৈ পোৱা গৈছে। ধৃত অৰূপ জ্যোতি কলিতা আৰু নগেন শইকীয়া। ইফালে এই ঘটনাৰ পিছতে যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।