অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে বিগত বৰ্ষৰ পৰা কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( SIPRD ) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত (ETC ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত পহিলা জুনৰ পৰা চলি আছে ১০ ৰ পৰা ১৫ দিনীয়াকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড়, নগাঁও, কাৰ্বি আংলং, হোজাই আৰু বঙাইগাঁও জিলাৰ প্ৰায় ২০০ জনী মহিলাই ভাগ লৈছে।
কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত, সূতা ৰং কৰা পদ্ধতি, সাজ পোচাক তৈয়াৰ কৰা, বেগ বনোৱা, বাঁহৰ দ্বাৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰা, টেইলৰিং আদিৰ বাবে ১৫ আৰু ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। ইয়াৰে ৩০ জুনত ১০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা তিনিটা গোট আৰু ১৫ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা দুটা গোটৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে। একোটা গোটত ১৫ ৰ পৰা ১৮ জনীকৈ মহিলাই ভাগ লৈছে।
আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জু ৰাণী গগৈ, ETCৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই, উপ সঞ্চালক অনুপম দত্ত, ফেকাল্টি সদস্যদ্বয় ডঃ ৰিদিপ বৰা আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেইবাজনো বিষয়াই তদাৰক কৰি আহিছে।