মহিলাৰ সৈতে কু-কাৰ্যৰ ঘটনা দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে।
এনে এক অনুৰূপ ঘটনা ৰাজস্থানৰ নাগৌৰ জিলাত সংঘটিত হৈছে।
য’ত মহিলাৰ সৈতে দুষ্কাৰ্য সংঘটিত কৰি গুপ্তাংগত ভৰাই দিয়ে বটল।
জিলাখনৰ এখন গাঁৱত এগৰাকী মহিলাই খেতিৰ মাজত থকা ঘৰত গৈছিল আৰু সেই সময়তে ৩ পাষণ্ডই মহিলাগৰাকীৰ সৈতে পাশৱিক কাৰ্য সংঘটিত কৰে।
মহিলাগৰাকীয়ে বিৰোধিতা কৰাত পাষণ্ড কেইটাই মহিলাগৰাকীৰ গুপ্তাংগত বটল ভৰাই দিয়ে আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।
১৯ জানুৱাৰীত সংঘটিত হৈছে এই ঘটনা কিন্তু মহিলাগৰাকীয়ে ভয় আৰু লাজতে কাৰোৰে সন্মুখত এই কথা প্ৰকাশ কৰা নাছিল।
পিছত যেতিয়া পৰিয়ালৰ লোকে এই ঘটনাটোৰ বিষয়ে জানিবলৈ পালে তেতিয়া আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰে।
বৰ্তমানলৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায়।
গাঁওখনৰে কানাৰাম জাট, পাঞ্চু ৰাম জাট আৰু এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৩ অভিযুক্ত পলাতক অৱস্থাত আছে।
ভুক্তভোগী মহিলাগৰাকীক মেডিকেল কৰোৱা হৈছে।
Photo: Google