সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ চমুকৈ BSF ৰ আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত ১৪ জুনত “বিশ্ব ৰক্তাদাতা দিৱস – ২০২৩” পালন কৰা হয়। গুৱাহাটী ফ্ৰন্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই এটা বিবৃতিত জানিবলৈ দিয়া মতে দিৱসৰ লগত সংগতি ৰাখি সিদিনা গুৱাহাটী ফ্ৰন্টিয়াৰৰ উপৰিও চেক্টৰ মুখ্য কাৰ্যালয় আৰু বেটেলিয়ান মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত BSFৰ বহু বিষয়া – জোৱানে ৰক্তদান কৰে।
ইফালে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত অসম ৰাজ্যিক ৰক্ত পৰিবাহী পৰিষদ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সহযোগত অনুষ্ঠিত শিবিৰত BSFৰ গুৱাহাটী ফ্ৰন্টিয়াৰ আৰু প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ এটা বিষয়া – জোৱানৰ এটা দলে গুৱাহাটী ফ্ৰন্টিয়াৰ চৌহদৰ কম্পজিত হস্পিতালৰ তৎপৰতাত ভাগ লৈ ৰক্তদান কৰে। আনহাতে শিবিৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই BSFৰ জোৱান সত্যবান সিং যাদৱক বিগত এটা বছৰত কেবাবাৰো ৰক্তদান কৰি বিৰল অভিলেখৰ কৃতিত্বৰ অধিকাৰী হোৱা বাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।