ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী দলে লাভ কৰিবলগীয়া পুৰস্কাৰ সম্পৰ্কে ঘোষণা আগবঢ়াইছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) ।
এই ঘোষণা অনুসৰি ডব্লিউ.টি.চিৰ ফাইনেলখন অহা ১৮ জুনৰ পৰা চাউদাম্পটনৰ ৰোজ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। “ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগীয়া বহু প্ৰতীক্ষিত আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ীদলে লাভ কৰিব ১.৬ নিযুত ডলাৰৰ ধন।”
আইচিচিয়ে এক আনুষ্ঠানিক বিজ্ঞপ্তিত কয়, “প্ৰায় দুবছৰ ধৰি ৯ টা দলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা দলটোৱে লাভ কৰিব ৮,০০,০০০ ডলাৰ।”