মাজুলীবাসীলৈ সুখবৰ ৷
বুধবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় শুভাৰম্ভ কৰে ৷
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে মাজুলীৰ সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিৰ গৱেষণাৰ মাধ্যমেৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷
ইয়াৰোপৰি মাজুলীৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সোণোৱালে জিলাখনত ‘নৱৰূপত স্বয়ম’ আঁচনিৰ শুভাৰম্ভ কৰে।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে যুৱ হিতাধিকাৰীসকলক ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰে।
আৰু মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।