ভূ-স্বৰ্গ কাশ্মীৰ। প্ৰকৃতিয়ে হেঁপাহ পলোৱাই সৌন্দৰ্য দিছে কাশ্মীৰক। পৰ্যটকসকলক সদায়ে গৌৰৱান্বিত আৰু আকৰ্ষিত কৰা কাশ্মীৰৰ গুলমাৰ্গত এতিয়া বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফে নিৰ্মাণ হৈছে।
জে এণ্ড কেৰ গুলমাৰ্গৰ বিখ্যাত স্কি-ৰিজৰ্টত নতুনকৈ খোলা এই কেফেটোৰ উচ্চতা ৩৭.৫ ফুট আৰু ব্যাস ৪৪.৫ ফুট। ইগলুৰ নিৰ্মাতা চৈয়দ ৱাছিম শ্বাহে বিশ্বৰ ভিতৰতে ই সৰ্ববৃহৎ কেফে বুলিও দাবী কৰিছে। এই ইগলুটো নিৰ্মাণ কৰিবলৈ চৈয়দ ৱাছিমৰ প্ৰায় ৬৪ দিন লাগিছিল।
বৰ্তমানলৈকে পৃথিৱীৰ ভিতৰতে ডাঙৰ ইগলু চুইজাৰলেণ্ডত আছে আৰু ই গিনিজ বুক অফ ৰেকৰ্ডছত স্থান পাইছে। ইয়াৰ উচ্চতা হ’ল ৩৩.৮ ফুট আৰু ব্যাস ৪২.৪ ফুট। গুলমাৰ্গৰ এই কেফেখন বৰ্তমান বিশ্বৰ সৰ্ববৃহ ইগলু কেফে হিচাপে গিনিছ বুকত ৰেকৰ্ড কৰিবলৈ গিনিছ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব বুলিও স্বত্ত্বাধিকাৰী ৱাছিমে জনাইছে।