ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী লোকপ্ৰিয়া খনিকৰে অসমৰ ভিতৰতেই ক্ষুদ্ৰতম গল্পপুথি লিখি Assam Book of Records ত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।
লোকপ্ৰিয়া খনিকৰে উক্ত কিতাপখনিত সন্নিৱিষ্ট কৰিছে মুঠ ৪০ টা গল্প। উল্লেখ্য যে ঢকুৱাখানাৰ ডাংধৰা কলেজৰ অধ্যক্ষ দিব্য খনিকৰৰ কন্যা লোকপ্ৰিয়া খনিকৰ।
তেওঁ শিৱসাগৰৰ জয়সাগৰ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী। স্বাভাৱিকতে তেওঁৰ সাফল্যই গৌৰৱান্বিত কৰিছে অঞ্চলবাসীক।