দেশত সাংবাদিক নিগ্ৰহৰ ঘটনা নতুন কথা নহয়। এইবাৰ ত্ৰিপুৰাত পুনৰ আৰক্ষীৰ ৰোষৰ বলি হব লগা হ’ল সাংবাদিক৷ ছেটেলাইট নিউজ চেনেল ‘NE NEWS’ৰ সাংবাদিক নিতাই দে’ক গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
ত্ৰিপুৰা আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমতো৷ পূব আগৰতলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম ৰয়ৰ ৰোষত পৰিছে সাংবাদিক নিতাই দে’৷ পেট্ৰ’ল-ডিজেলৰ নাটনি সন্দৰ্ভত সাংবাদিকগৰাকীয়ে কৰিছিল সংবাদ পৰিৱেশন৷ সংবাদ সংগ্ৰহ কৰাৰ সময়তে আৰক্ষী বিষয়া অৰিন্দম ৰয়ক ‘দাদা বুলি সম্বোধন কৰাৰ বাবে আটক কৰা হৈছিল নিতাই দে’ক৷
বৰ্তমান চিজেএম ক’ৰ্টত হাজিৰ কৰোৱা হৈছে সাংবাদিকগৰাকীক। আৰক্ষী চকীত সাংবাদিকগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ ত্ৰিপুৰা আৰক্ষীৰ এই কাণ্ডক নিন্দা কৰিছে ‘অল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’-এ৷ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈছে ‘অল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’৷