অসমৰ লোক কলা পুতলা নাচ প্ৰায় নিঃচিহ্ণ হৈ যোৱাৰ ক্ষণতে অসমৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা গীতিমা দাসে সুখবৰ কঢ়িয়াই আনিছে। উল্লেখ্য যে, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ২০১৯-২০ বৰ্ষৰ যুৱ শিল্পী বৃত্তি প্ৰদান বঁটাৰ বাবে গীতিমা দাস মনোনীত হৈছে।
গীতিমা দাসে NCERT, CCRT আৰু SCRTৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ থকাৰ লগতে সুৰজিৎ একাডেমীত দুবছৰীয়া কথা ছবি অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণ লৈ আছে। তাৰোপৰি গীতিমা দাসে বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাচ আৰু নাটকত অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে। গীতিমা দাস পছৰীয়াৰ ৰবি দাস আৰু বৰদা দাসৰ দ্বিতীয়া কন্যা।