আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তিনি মাহৰ বাবে অস্ত্রবিৰতি ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলফাৰ সৈতে সৌহার্দযপূর্ণ আলোচনাৰ বাট মুকলি কৰাৰ পৰিকল্পনা কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা যুৱক সন্ধানহীন হৈ আলফা স্বাধীনত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ৰাজ্যৰ বিভিন্ন ঠাইৰ যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ সংবাদ মাধ্যমত প্রচাৰ হৈ থকাৰ মাজতে তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তর্গত তামুলী গাঁৱৰ পৰা এজন যুৱক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে৷ প্রাপ্ত খবৰ অনুসৰি, তামুলী গাঁৱৰ ভৱান মৰাণ আৰু সেউজী মৰাণৰ জ্যেষ্ঠ পুত্র ১৭ বছৰীয়া পিংকু মৰাণ নামৰ যুৱকজন যোৱা ৩১ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে৷ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি পিংকুৱে ২৭ ডিচেম্বৰত পেঙেৰী থানাৰ অন্তর্গত ২নং নলনী গাঁৱৰ পেহাক আনঞ্জিত মৰাণ আৰু পেহীয়েক মানসী মৰাণৰ ঘৰলৈ ফুৰিবলৈ গৈছিল৷ ৩১ ডিচেম্বৰত পেহাক-পেহীয়েকৰ ঘৰৰ পৰা পুনৰ নিজৰ গাঁৱৰ ঘৰলৈ বুলি ওলাই আহিছিল যদিও পিংকু কিন্তু ঘৰলৈ উভতি নাহিল৷ ঘৰৰ মানুহে কোনো বন্ধুৰ ঘৰত থকা বুলি ভাবি আছিল। যোৱা ৪ জানুৱাৰীত দাইচাজান সেনা ছাউনীৰ সেনাই পিংকুৰ ঘৰলৈ গৈ পিংকু মৰাণ নিৰুদ্দেশ হোৱা বুলি দিয়া খবৰে পৰিয়ালক হতবাক কৰি তোলে৷
পৰিয়ালৰ ফালৰ পৰা পিংকু মৰাণ সন্ধানহীন হোৱাৰ সম্পর্কত পেঙেৰী থানা আৰু তালাপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আনহাতে, একাংশ সংবাদ মাধ্যমত পিংকু মৰাণ আলফা স্বাধীনত যোগদান কৰাৰ উদ্দেশ্যে ম্যানমাৰত উপস্থিত হোৱা বুলি প্রচাৰ হোৱাত পিংকুৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবর্গ কান্দোনত ভাগি পৰে৷ নৱম শ্রেণীলৈকে অধ্যয়ন কৰা ১৭ বছৰীয়া পিংকুৱে সঁচাই যদি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছে, তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক স্পষ্ট কৰি দিয়াৰ লগতে কম বয়সীয়া যুৱকজনক ঘৰলৈ সোঁশৰীৰে ঘূৰাই পঠাবলৈও আহবান জনাইছে৷