আজি ইয়ং ইণ্ডিয়ান (YI)গুৱাহাটী শাখাৰ দ্বাৰা দৰিদ্ৰলোকৰ বাবে বিনামূলীয়া চকুৰ ছানি অস্ত্ৰোপচাৰৰ আয়োজন কৰা হয়। গুৱাহাটীস্থিত লায়নচ চিকিৎসালয়ত ৫১ জন লোকৰ বিনামূলীয়াকৈ চকুৰ ছানিৰ অস্ত্ৰোপচাৰ কৰা হয়। উল্লেখ্য যে, গুৱাহাটী লায়নচ চিকিৎসালয়ৰ দ্বাৰা কৰা নিয়মীয়া গ্ৰাম্য শিবিৰৰ দ্বাৰা গাওঁ অঞ্চলৰ দৰিদ্ৰ লোকসকলক চিনাক্ত কৰি এই অস্ত্ৰোপচাৰৰ বাবে নিৰ্বাচন কৰা হৈছিল।
অনুষ্ঠানটোত ইয়ং ইণ্ডিয়ান (YI)ৰ অধ্যক্ষ অমৃত দেওৰা আৰু সহ অধ্যক্ষ, ইয়ং ইণ্ডিয়ান (Yi)ৰ ড০ বিদিতা দাসে ভাষণ প্ৰসংগত কয় যে, ইয়ং ইণ্ডিয়ান (YI) চিআইআই (CII)ৰ এক অবিচ্ছেদ্য অংশ আৰু ইয়ং ইণ্ডিয়ান (YI)গুৱাহাটী বিভাগে সামগ্ৰিকভাৱে ৰাজ্যখনৰ স্বাস্থ্য ক্ষেত্ৰত সহায় আৰু সমৰ্থন প্ৰদানৰ দিশত নিৰন্তৰ ভাৱে কাম কৰি আহিছে আৰু ভৱিষ্যতেও এই পদক্ষেপ অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে।
অনুষ্ঠানটোত ইয়ং ইণ্ডিয়ান (YI)গুৱাহাটী শাখাৰ সদস্যসকলৰ এটা দল উপস্থিত থাকি গুৱাহাটী লায়নচ চকু চিকিৎসালয়ৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।