মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটক। তথ্য প্রমাণৰ ভিত্তিত গৌৰীসাগৰৰ পৰা এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। যুৱকজনৰ নাম নিপ প্রতীম বৰুৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সামাজিক মাধ্যমত মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিছিল যুৱকজনে। তাৰ পাছতেই আৰক্ষীয়ে আটক কৰে যুৱকজনক। যুৱকজন গৌৰীসাগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।