মিনি লক ডাউনৰ সময়তে ৰূপহীহাটৰ এখন গাঁৱত আৰক্ষীয়ে নিয়মীয়া টহলৰ সময়ত একাংশ যুৱকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
অভিযোগ অনুসৰি গেৰেকী গাঁৱত আবেলি খেলি থকা অৱস্থাত যুৱকসকলক প্ৰহাৰ কৰে আৰক্ষীৰ এটা দলে। তাৰ মাজতে এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
উত্তেজিত যুৱকসকলে ৰূপহীহাট হাস্পতালত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ উত্তেজনা অব্যাহত।
দোষী আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি গ্ৰহণ কৰা, আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষোভ উজাৰিছে যুৱকসকলে।