শনিবাৰে নিশা মৰাণত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।
মৰাণ ১নং কাছমাৰী শ্যাম উৰাং নামৰ ২২বছৰীয়া এজন যুৱকক অতি নৃশংসভাৱে চুৰিৰে হানি-খুঁচি হত্যা কৰে।
অভিযুক্ত হত্যাকাৰী বিনোদ ভূঞা(২৫),দেব ভূঞা(১৯) আৰু সঞ্জয় ভূঞা(২৬)ক মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ঘটনা সন্দৰ্ভত তিনি যুৱকক আৰক্ষীৰ সোধা-পোছা অব্যাহত।
ইফালে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চুৰিখনো জব্দ কৰে।
দৰাচলতে মৃত শ্যাম উৰাঙৰ চাইকেলৰ সৈতে আন এখন চাইকেলৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ।
ইয়াৰ পিছতে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।
Photo: Headline8