সমগ্ৰ দেশতেই মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তেই অসমলৈ আহিছে এটা ভাল খবৰ । কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে ক’ভিড সম্পৰ্কীয় নীতি নিয়ম সমৃহ শিথিল কৰি সম্পূৰ্ণ পৰিস্থিতি শিথিল কৰি দিয়া হৈছিল ।
কিন্তু মহামাৰী ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ তথা নীতি-নিৰ্দেশনা উঠাই দিয়া হৈছিল যদিও সংক্ৰমণ নাইকিয়া হোৱা নাছিল । কম হলেও দৈনিক লোক আক্ৰান্ত হৈছিল ক’ভিডত। কিন্তু ২০২০ চনৰ ১২ মে’ৰ পাছত বৰ্তমান প্ৰথমবাৰলৈ ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামিছে ।
বিগত বছৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় ঢৌ আৰু যোৱা ডিচেম্বৰৰ শেষ ভাগত দেখা দিয়া তৃতীয় ঢৌৰ সমগ্ৰ সময়ছোৱাত প্ৰথমবাৰলৈ অসমত নতুনকৈ এগৰাকীও লোক ক’ভিডত আক্ৰান্ত হোৱা নাই।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনে এটা ক’ভিডমুক্ত দিন পাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ লগতে সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকাকে ধৰি ক’ভিড বিৰোধী যুঁজ তথা ক’ভিড প্ৰতিষেধক প্ৰদানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰে । বৃহস্পতিবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্য হোৱা খবৰে সকলোৰে মনলৈ সকাহ আনিছে ।