Zomatoৰ সেই ডেলিভাৰী বয়জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে,
In a statement, Zomato says, "We are in touch with her and are providing our complete support through the necessary medical care and investigation. Meanwhile, we have delisted the delivery partner from our platform".
— ANI (@ANI) March 11, 2021
যিজন যুৱকৰ পৰা অৰ্ডাৰ ল’বলৈ অমান্তি হোৱাত হিতেশা চন্দ্ৰাণী নামৰ এগৰাকী মহিলাক প্ৰচণ্ড ঘোচা মাৰিছিল।
বেংগালুৰুৰ DCP শ্ৰীনাথ যোশীয়ে জানিবলৈ দিয়া অনুসৰি, জমেট’ ডেলিভাৰী বয়জনক মহিলাগৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, বুধবাৰে হিতাশা চন্দ্ৰাণীয়ে চছিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
ভিডিঅ’টোত তেওঁ কৈছিল যে, অৰ্ডাৰ নোলোৱাৰ বাবে কেনেদৰে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল ডেলিভাৰী বয়জনে।
এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত ফুড ডেলিভাৰী ষ্টাৰ্ট-আপ জমেট’ই হিতেশাক ক্ষমা খুজিছিল।
ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে সম্পূৰ্ণ কাহিনী
হিতেশাই এই ভিডিঅ’টোত সমস্ত ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰি কয় যে, কেনেদৰে ডেলিভাৰী বয়ে তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল।
হিতেশাই ভিডিঅ’টো ইনষ্টাগ্ৰামত আপলোড কৰিছে আৰু কিছু ঘণ্টাতে প্ৰায় ২ লাখ লোকে ভিডিঅ’টো প্ৰত্যক্ষ কৰে।
হিতেশা চন্দ্ৰাণীয়ে কোৱা অনুসৰি, এই সমস্ত ঘটনাটো এটা ফুড অৰ্ডাৰৰ পৰা আৰম্ভ হৈছিল।
কিন্তু তেওঁৰ অৰ্ডাৰ বহুত পলমকৈ আহিছিল, তেওঁ জমেট’ক কৈছিল যে এই অৰ্ডাৰটো কেন্চেল কৰি দিয়ক বা খাদ্য বস্তুবিধ কমপ্লিমেণ্ট্ৰী কৰি দিয়ক।
হিতেশাই ক’লে যে, তেওঁ ৯ মাৰ্চত বিয়লি ৩.৩০ বজাত অৰ্ডাৰ দিছিল কিন্তু তেওঁ অৰ্ডাৰটো পাইছিল ৪.৩০ বজাত।
অৰ্ডাৰটো সময়ত পোৱা নাছিল বাবে তেওঁ কাষ্টমাৰ ছাপৰ্টক ফোন কৰিছিল আৰু কৈছিল যে অৰ্ডাৰৰ টকা ঘূৰাই দিয়ক বা অৰ্ডাৰটো কেন্চেল কৰি দিয়ক।
https://twitter.com/HChandranee/status/1369486163140956160?s=20
হিতেশাই যেতিয়া ডেলিভাৰী বয়ক এই কথাটো ক’লে যে অৰ্ডাৰটো কেন্চেল কৰিব লাগে বা কমপ্লিমেণ্ট্ৰী কৰিব লাগে আৰু তেওঁ ইয়াৰ বাবে অপেক্ষা কৰি আছে,
তেতিয়া ডেলিভাৰী বয়জনে হিতেশাৰ ওপৰত চিঞৰিব আৰম্ভ কৰিছিল আৰু অৰ্ডাৰটো ঘূৰাই ল’বলৈ অমান্তি হ’ল।
হিতেশা চন্দ্ৰাণীয়ে ভিডিঅ’টোত ক’লে যে, ডেলিভাৰী বয়জনক তেওঁ যেতিয়া অপেক্ষা কৰিবলৈ ক’লে তেতিয়া যুৱকজন যথেষ্ট ক্ষুব্ধ হৈ পৰে আৰু খঙত তাইৰ ওপৰত চিঞৰিবলৈ আৰম্ভ কৰিলে।
জোৰ কৰি ঘৰত প্ৰৱেশ কৰি কৰিলে আক্ৰমণ
হিতেশাই কোৱা অনুসৰি, তাই ভয় খাইছিল আৰু দুৱাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল।
কিন্তু সেই সময়তে জোৰ কৰি হিতেশাৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তাইৰ মুখত প্ৰচণ্ড জোৰত এটা ঘোচা মাৰিছিল।
ইয়াৰ পিছত যুৱকজনে অৰ্ডাৰটো লৈ পলায়ন কৰে।
লগতে হিতেশাই ক’লে যে, তাই বহুত চিঞৰিছিল কিন্তু ওচৰ-চুবুৰীয়া কোনো ওচৰ চাপি অহা নাছিল।
ছচিয়েল মিডিয়াত এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত বিভিন্নজনে তেওঁক সমৰ্থন জনাইছে।
ইফালে ফুড ডেলিভাৰী ষ্টাৰ্ট-আপ জমেট’ই এই অভিযোগৰ উত্তৰ দিলে।
এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত জমেট’ই ক’লে যে, এয়া যথেষ্ট বেয়া অনুভৱ।
আমাৰ ডেলিভাৰী এইসমূহ কথাৰ বাবে বিখ্যাত নহয়।
আমাৰ স্থানীয় ৰিপ্ৰেজেণ্টিবে শীঘ্ৰে আপোনাক সম্পৰ্ক কৰিব।
আমি আপোনাক সকলো দিশৰ পৰা সহায় কৰিম।
Photo: Google