কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? এই প্ৰশ্নৰ উত্তৰ এতিয়াও ৰাজ্যবাসীয়ে পোৱা নায়।
কেতিয়া গঠন হ’ব মন্ত্ৰী পৰিষদ? ইয়াক লৈও চলিছে ব্যাপক চৰ্চা।
কিন্তু বৃহস্পতিবাৰেও দিল্লীৰ অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা নহ’ল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম।
ইফালে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ’ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।
জুবিন গাৰ্গে কাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰে?
এই প্ৰশ্নত তেওঁ ক’লে যে,
‘মই এজন ডাইনেমিক, এগ্ৰেছীভ,দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো। পৰিস্থিতি জটিল। এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে। লগতে পোনপটীয়াকৈ নক’লে কোন মুখ্যমন্ত্ৰীৰূপে বিচাৰে তেওঁ। জুবিন গাৰ্গে ক’লে- দুয়োজন ককাইদেৱেই আপোন। এইমুহূৰ্তত কাৰো নাম নলও।’
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি জুবিন গাৰ্গে নিজৰ কাহিলীপাৰাৰ বাসগৃহটো ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচাৰে বুলি উল্লেখ কৰে।
উল্লেখ্য আজি পুনৰ অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠক।
আৰু এই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰী বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
সেয়ে পৰৱৰ্তী ৫ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পিছতহে নিশ্চিত হ’ব।
Photo: Headline8