মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসুস্থ জুবিন গাৰ্গৰ উন্নত চিকিৎসা সেৱা সু নিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশনা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনত জুবিন গাৰ্গক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈও এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে নিয়াৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশনা প্ৰদান কৰিছে।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ এখন ব্যক্তিগত ৰিজ’ৰ্টৰ বাথৰুমত ঢলি পৰা জুবিনে মূৰত আঘাত পাইছে। তেওঁৰ মূৰত ৫ টাকৈ চিলাই পৰা বুলি জানিব পৰা গৈছে। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁক বৰ্তমান ICUত ভৰ্তি ৰখা হৈছে। অৱশ্যে বৰ্তমানলৈকে ভাল খবৰ এয়াই যে আঘাত পালেও যথেষ্ট সুস্থ হৈ আছে জুবিন। তেওঁৰ বৰ্তমান সংকটমুক্ত।