পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে কলকাতা বিমান বন্দৰত চাৰ্টাৰ্ড বিমানত এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হয়৷ মুখ্যমন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া চাৰ্টাৰ্ড বিমানখন আকস্মিকভাৱে অৱতৰণ কৰাবলগীয়া হোৱাত পিঠিত আঘাত পাইছে কলকাতাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ শুকুৰবাৰে লক্ষ্ণৌৰ পৰা কলকাতালৈ মুখ্যমন্ত্ৰী বেনাৰ্জীক লৈ যোৱা এখন চাৰ্টাৰ্ড বিমানত সংঘটিত হৈছে এই ঘটনা৷
সমাজবাদী পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় উত্তৰ প্ৰদেশৰ পৰা মমতা বেনাৰ্জীয়ে কলকাতালৈ উভতি অহা সময়তে বায়ুমণ্ডলৰ অস্থিৰতাৰ বাবে হঠাতে বিমানখন ওপৰৰ পৰা তললৈ নমাই দিব লগা হোৱাৰ ফলত মমতা বেনাৰ্জীয়ে তেওঁৰ আসনৰ পৰা পৰি গৈছিল, যাৰ ফলত তেওঁ পিঠিত আঘাত পাইছিল। বিমানখন যোৱা বছৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ বিভিন্ন ৰাজ্যভ্ৰমণৰ বাবে ভাড়ালৈ লৈছিল।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, পশ্চিম বংগৰ গৃহ বিভাগে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু পাইলটলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷ কিয় বিমানখনে অস্থিৰতাৰ সন্মুখীন হৈছিল? লক্ষ্ণৌৰ পৰা কলকাতালৈ যোৱা পথৰ বতৰ যথেষ্ট পৰিষ্কাৰ হৈয়ে আছিল। যান্ত্ৰিক বিজুতি নে ষড়যন্ত্ৰ সেই বিষয় লৈও চৰ্চা চলিছে ৰাজনৈতিক মহলত।
বিমানবন্দৰৰ এজন বিষয়াই কয়, বিমানখন কলিকতাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমত মধ্য বতাহৰ অস্থিৰতাত ধৰা পৰিছিল। মুখ্যমন্ত্ৰীৰ বাবে ৰাজ্য চৰকাৰে তৈয়াৰ কৰা বিমানখনৰ পাইলটজনে অস্থিৰতা আৰম্ভ হোৱাৰ সময়ত বিমান যান-বাহন নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰিছিল৷