অভিলেখৰ দিশত কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ৷ বিগত তিনিমাহত কাজিৰঙালৈ আহিল ১লাখ ৩৮ হাজাৰ ১৭ জন দেশী-বিদেশী পৰ্যটক। ৰাজহ সংগ্ৰহৰ পৰিমাণ ৩ কোটি ৪৪ লাখ ৬৬ হাজাৰ ৯৩৪ টকা ৷ এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ কৰা হয় ২০২২-২৩ পৰ্যটন বৰ্ষ৷ আনহাতে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নগাঁও ৱাইল্ডলাইফ ডিভিজনত পৰ্যটকৰ সহাৰি লাভ কৰাৰ লগতে ভোমোৰাগুৰিৰ নদী পৰ্যটনত ৩ হাজাৰৰো অধিক পৰ্যটকে নৌকা বিহাৰৰ যোগেদি ডলফিনৰ লুকাভাকু উপভোগ কৰিছে৷
বৰ্তমান অতি সীমিত টুৰিষ্ট গাইড আৰু বনকৰ্মীয়ে সেৱা আগবঢ়াই থকা কাজিৰঙাত অধিক সংখ্যক বনকৰ্মী আৰু টুৰিষ্ট গাইড মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ সঞ্চালকগৰাকীৰ ৷লগতে তেও কয় যে জাহাজত ব্ৰক্ষ্মপুত্ৰৰ মাজেৰে অহা বিদেশী পৰ্যটকক লৈ আশাবাদী উদ্যান কৰ্তৃপক্ষ ৷
অহা ১০ জানুৱাৰী প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া গংগা বিলাস নামৰ বিশেষ জাহাজখন শিলঘাট পাবহি ১০ ফেব্ৰুবাৰীত৷ তাত অহা বিদেশী পৰ্যটকক আদৰিবৰ বাবে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ৷ আনহাতে বিশ্বনাথৰ পানপুৰত পৰ্যটকে হাতী ছাফাৰী, জীপ ছাফাৰী কৰাৰ লগতে নাও ছাফাৰী কৰাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য সঞ্চালকগৰাকীৰ৷