ভাৰত চৰকাৰৰ গৃহমন্ত্ৰণালয়ে অসমৰ মুঠ ১০ গৰাকী অগ্নি নিৰ্বাপন বাহিনীৰ বিষয়া, জোৱানলৈ আগবঢ়াইছে বিশেষ সন্মান। অগ্নি সেৱা সপ্তাহ উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এই সন্মান আগবঢ়াইছে। সন্মান লাভ কৰা ১০ গৰাকী ব্যক্তিৰ ভিতৰত ৩ জনক মৰনোত্তৰভাৱে প্ৰদান কৰা হৈছে।
মৰোনোত্তৰভাৱে ষ্টেচন অফিচাৰ যুগল চন্দ্ৰ পায়েং, ছাব অফিচাৰ গজেন্দ্ৰ নাথ দাস আৰু লিডিং ফায়াৰমেন অমূল্য চন্দ্ৰ কলিতাই বিশেষ সন্মান লাভ কৰিছে। ইয়াৰ উপৰিও উপ-সঞ্চালক জয়শ্ৰী খেৰছা, ডিভিজনেল অফিচাৰ ঘনশ্যাম চৌধুৰী, ৰেচপনছ টীম কামাণ্ডাৰ দয়াল চক্ৰৱৰ্তীস ছাব-অফিচাৰ প্ৰসন্ন ডেকা, অনুপ কুমাৰ গায়ন, জৰুৰীকালীন উদ্ধাৰকাৰী দিলীপ ওৰাং আৰু ডেভিচন চুটীয়াকো দিয়া হৈছে এই সন্মান।