২০২৩ চনৰ প্ৰথমটো দিনটোতেই ৰাজ্যবাসীলৈ অসম ৰাজ্যিক পৰিবহন বিভাগে আগবঢ়ালে ১০০খন গেছচালিত বাছ ৷ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা প্ৰশমনৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰবিবাৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ দিয়া এই ১০০খন গাড়ী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাছ সেৱাৰ লগতে আইএছবিটিত (ISBT) চি এন জি (CNG) ষ্টেচনো মুকলি কৰে।
Live : Attending Inauguration programme of CNG Bus and station at ISBT, Guwahati https://t.co/i86AVGR0Op
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 1, 2023
উল্লেখ্য যে, ১ জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীৰ লগতে আন কেবিনেট মন্ত্ৰীসকলেও চি এন জি বাছত উঠিলে। এই বাছত উঠি মুখ্যমন্ত্ৰীয়ে ক’লে, ‘‘মই উঠি ভাল পালোঁ, মোৰ গাড়ীখনৰ প্ৰায় সমানুপাতিক।’’মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীত গেছচালিত বাছ সেৱা মুকলি কৰি কয় যে, ৰাজ্যই পুনৰ ২০০ খন ইলেক্ট্ৰিকেল বাছ এই বছৰতে লাভ কৰিব আৰু স্মাৰ্ট চিটিৰ অধীনত বহু উন্নয়নমূলক কাম হৈছে। তেওঁ মৃতপ্ৰায় স্মাৰ্ট চিটি লিমিটেডক পুনঃ উদ্ধাৰৰ বাবে মন্ত্ৰী আশোক সিংঘালক প্ৰশংসা কৰে। এই বছৰৰ ভিতৰত ২০০ খন বাছ অসমলৈ অনা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে।
তদুপৰি এইটো অসম ৰাজ্যিক পৰিবহণ নিগমক লাভজনক পৰিৱেশলৈ উভতাই আনিবলৈ শেষ সুযোগ দিয়া হৈছে বুলিও তেওঁ ব্যক্ত কৰে। তেখেতে কয়, ‘‘এইটো পৰিবহন বিভাগক শেষ সুযোগ, নিজকে পৰিৱৰ্তন কৰক’’। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক পৰিবহন বিভাগক লাভজনক বিভাগ কৰিবলৈ আহ্বান জনায়। লগতে ব্লু হিলৰ নিচিনা আদৰ্শ লৈ লাভজনক হিচাপে আগবাঢ়ি যাবলৈ আদেশ দিয়ে। আগন্তুক মাৰ্চৰ ভিতৰত আন পাঁচটা চি এন জি ষ্টেচন হ’ব বুলিও তেওঁ জনায়। গুৱাহাটীৰ ভিতৰত চলা আৰু মৰিগাঁও আৰু জাগীৰোডলৈ যোৱা গাড়ী সমূহ লাহে লাহে CNG কৰাৰ আহ্বানো জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।