শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকাই জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কাৰ্যবাহী অভিযন্তা আদি বিভাগীয় বিষয়াৰে বানপানী আৰু খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাজ্যৰ ১০৮টা স্থানক বানপানী প্ৰৱন হিচাপে চিহ্নিত কৰে। উক্ত স্পৰ্শকাতৰ স্থানসমূহত অহা ১৫ দিনৰ ভিতৰত প্ৰতিৰোধী কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। এইসমূহ স্পৰ্শকাতৰ স্থানৰ ভিতৰত উত্তৰ লখিমপুৰৰ ১৩, পশ্চিম গুৱাহাটীৰ ৯, মঙলদৈৰ ৮, নলবাৰীৰ ৪টা স্থানকে ধৰি ৰাজ্যৰ আন আন অঞ্চলসহ ১০৮ টা স্থান চিহ্নিত কৰে।
সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা অনুসৰি বিগত বাৰিষাত ৰাজ্যৰ বিভিন্ন স্থানৰ ২৬ টা মথাউৰিৰ ৪১ টা চিগি যোৱা স্থান আৰু অন্য তিনিটা দুস্কৃতিকাৰীয়ে কাটি দিয়া স্থানৰ সম্পূৰ্ণ হোৱা মেৰামতিৰ সন্দৰ্ভত আলোচনা কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আন আন স্থানত নিৰ্মীয়মাণ মথাউৰিৰ কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।