দেশত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ। ভাৰতত যোৱা এদিনতে প্ৰায় ২লাখ ৫৮হাজাৰ আক্ৰান্ত চিনাক্ত হৈছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে চিকিৎসাধীন ৰোগীৰ সংখ্যাও। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণে দেশজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত দেশৰ প্ৰায় সকলো প্ৰান্ততে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছ চৰকাৰ তথা প্ৰশাসন।
অসমতো অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ। দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাই অসমৰ স্বাস্থ্যখণ্ডলৈও সংকট কঢ়িয়াই আনিছে। সোমবাৰৰ দিনটোত অসমত পুনৰ ৬,৯৮২জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত কৰা ৬৪,৯১৯টা ক’ভিড পৰীক্ষাত এইসকল আক্ৰান্ত চিনাক্ত হয়। সংক্ৰমণৰ হাৰ এতিয়া বৃদ্ধি হৈছে ১০.৭৫শতাংশলৈ। কামৰূপ মেট্ৰ’ত ১৪৯১জন আক্ৰান্ত চিনাক্ত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ক’ৰোনাত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ১১জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। আনহাতে আৰোগ্যৰ হাৰ হৈছে ৯৫.১৮শতাংশ। ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে।