প্ৰধানমন্ত্ৰী মোদী এজন অতি চৌখিন লোক। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈয়েই তেওঁ বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰ্পিঅ’ত ঘূৰা-ফুৰা কৰিছিল। বৰ্তমান তেওঁৰ নিৰাপত্তাৰ বাবে ১২ কোটি টকীয়া এখন বাহন ক্ৰয় কৰিছে। বিগত কিছু বৰ্ষৰ পৰা ভাৰতৰ নিৰাপত্তা দিশটোৰ ক্ষেত্ৰত যথেষ্ট ব্যয় কৰা দেখা গৈছে। তাৰেই অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা বাহিনী তথা এচপিজিৰ জৰিয়তে অতি উচ্চ প্ৰযুক্তিৰ নিৰাপদ গাড়ীয়েই ক্ৰয় কৰা হৈছে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দুখনকৈ নতুন গাড়ী কিনিছে। মাৰ্চিডিজ মে’ বাখ এছ৬৫০ গাৰ্ড চিৰিজৰ গাড়ী দুখনৰ দাম প্ৰায় ১২ কোটি টকা বুলি জানিব পৰা গৈছে। অৰ্থাৎ গাড়ী দুখনৰ নামত মুঠ ২৪ কোটি টকা খৰচ কৰা হৈছে।
অত্যাধুনিক প্ৰযুক্তিৰ গাড়ীখন ক’লা ৰঙৰ।গ্লাচসমূহো ক’লা ৰঙৰ। এই গাড়ীখনে প্ৰধানমন্ত্ৰীয়ে বিচৰা ধৰণে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব।
যিকোনো ধৰণৰ গুলী এই গাড়ীখনে প্ৰতিহত কৰিব পাৰে। দুই মিটাৰ দূৰত্বত অতি শক্তিশালী বোমা বিস্ফোৰ ঘটিলেও গাড়ীখনৰ কোনো ক্ষতি নহয়।
ৰাতিৰ আন্ধাৰত দূৰৰ বস্তুও সহজেই চিনাক্ত কৰি ল’ব পাৰে গাড়ীখনে। গাড়ীৰ পাছফালেও আছে এয়াৰবেগ সুৰক্ষা। আনকি চিট বেল্টডালে যাতে বুকুৰ ওপৰত অতিৰিক্ত হেচা নিদিয়ে, তাৰ বাবেও বেল্টৰ ভিতৰত এয়াৰবেগৰ ব্যৱস্থা কৰা হৈছে।
সাধাৰণতে উন্নত দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলে এই গাড়ীখন ব্যৱহাৰ কৰি আহিছে। নিৰাপত্তাৰ ক্ষেত্ৰত এই গাড়ীখনইে আটাইতকৈ উৎকৃষ্ট বুলি বিবেচনা কৰা হয়।