শাসক বিৰোধীৰ মাজত অব্যাহত আছে ভূপেন বৰাৰ কবিতা বিতৰ্ক। ভূপেন বৰাই কবিতাৰে নিক্ষেপ কৰা অস্ত্ৰত ১২ গৰাকী মন্ত্ৰী আঘাত হৈছে। এই মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে। ইফালে বিৰোধী বিধায়ক সকলে আলোচনাৰ মাজেৰে ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ উমৈহতীয়া প্ৰাৰ্থী চূড়ান্ত কৰিব বুলি কয় জাকিৰ হুছেইন ছিকদাৰে।
ৰাজনীতিত ভূপেন বৰাৰ কবিতা বিতৰ্ক অব্যাহত আছে। ভূপেন বৰাৰ কবিতাকলৈ শাসক বিৰোধীৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ সময়তে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কবিতাৰে অস্ত্ৰ নিক্ষেপ কৰিছে আৰু সেই অস্ত্ৰত ১২ জনকৈ মন্ত্ৰী হাস্পতাললৈ যাবলগীয়া হৈছে বুলিও কটাক্ষ কৰে জাকিৰ হুছেইন ছিকদাৰে। ছিকদাৰৰ মতে ভূপেন বৰাৰ কবিতাত কিবা এটা আছে বাবেই সেই কবিতাটোৰ প্ৰতিটো শব্দই আঘাত দিছে শাসক পক্ষক। AIUDFয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী দাবী কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। AIUDFৰ দাবী ভুল নহয়, বিৰোধী সকলোৱে দাবী কৰিব পাৰে বুলি কোৱা জাকিৰ হুছেইন ছিকদাৰে বিৰোধীৰ সকলো বিধায়কে একেলগে বহি দ্বিতীয়খন আসনত উমৈহতীয়া প্ৰাৰ্থী শীঘ্ৰে চূড়ান্ত কৰিব বুলিও কয়।