ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ ভয়াৱহ সংক্রমণৰ পাছতো একাংশ লোকে মাস্ক পৰিধান নকৰাত মহানগৰীত ভয়াৱহভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে৷ বিগত ১৮টা দিনত গুৱাহাটী মহানগৰীত মুঠ ১২,৬৬১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ক’ৰোনাৰ এই ভয়াৱহ সংক্রমণৰ মাজতো মহানগৰীৰ একাংশ বিদ্যালয়ে অব্যাহত ৰাখিছে পাঠদান৷ বিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া একাংশ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী আৰু অভিভাৱকে ক’ভিড–১৯ৰ ভয়াৱহতাক লৈ চিন্তিত হৈ পৰিছে৷ মহানগৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩০জনকৈ শিক্ষক–কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ বিদ্যালয়খনৰ মুঠ ১৪৪জন শিক্ষক–কর্মচাৰী ক’ভিড পৰীক্ষা কৰাত ২২গৰাকী শিক্ষক আৰু ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ পাছতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত ক’ভিডৰ আতংকই বিৰাজ কৰিছে৷ উল্লেখ্য যে আজি গুৱাহাটী মহানগৰীত সর্বাধিক ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ পহিলা জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে গড় হিচাপত প্রতিদিনে ৭০৩ জনকৈ লোক ক’ভিডত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি পহিলা জানুৱাৰীত ৭৬, ২ জানুৱাৰীত ৭৮, ৩ জানুৱাৰীত ১৬৪, ৪ জানুৱাৰীত ১৯০, ৫ জানুৱাৰীত ২৭৯, ৬ জানুৱাৰীত ৩৬৯, ৭ জানুৱাৰীত ৫১৭, ৮ জানুৱাৰীত ৪৭২, ৯ জানুৱাৰীত ৪৯০ আৰু ১০ জানুৱাৰীত ৭৬০জন, ১১ জানুৱাৰীত ৮৭০, ১২ জানুৱাৰীত ১১৩৮, ১৩ জানুৱাৰীত ১০৭০, ১৪ জানুৱাৰীত ৮৭০, ১৫ জানুৱাৰীত ৯১৯, ১৬ জানুৱাৰীত ৯১২, ১৭ জানুৱাৰীত ১৪৯১ আৰু ১৮ জানুৱাৰীত ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷