গ্ৰেছ মাৰ্ক প্ৰাপ্ত এই ১২৯৮গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি আজি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ৰ পৰা সংবাদমেল যোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনায় যে এই বিষয়টো সন্দৰ্ভত গোচৰ আছে যদিও উচ্চ ন্যায়ালয়ে দিয়া বাধা আঁতৰ হৈছে।
আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ শিক্ষাখণ্ডৰ কেইবাটাও দিশক সামৰি এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰোঁ। 1/2 @himantabiswa pic.twitter.com/42zCXL1niQ
— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) September 20, 2022
শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ২৩ তাৰিখে ১,২৫৮ গৰাকী গ্ৰেছমাৰ্ক প্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। পাঠদানৰ ক্ষেত্ৰত শিক্ষকৰ অভাৱৰ বাবে এই নিযুক্তি সোনকালে লোৱা হ’ব। এই নিযুক্তি চৰ্ত সাপেক্ষ হ’ব আৰু ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তও চৰকাৰে পালন কৰিব।
”২০১১ৰ পৰা বৰ্তমানলৈ ২ লাখতকৈ অধিক শিক্ষকৰ নিযুক্তি হৈছে। পূৰ্বে ইমান কম সময়ৰ ভিতৰত ইমান নিযুক্তি হোৱা নাছিল। এই সন্দৰ্ভত শিক্ষা বিভাগৰ এখন শ্বেতপত্ৰ দুমাহৰ ভিতৰত মুকলি কৰা হ’ব।” বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে ৭২২গৰাকী কলেজ শিক্ষককো নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰে।