• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰুণাচলত নিৰ্মাণ হ’ব ১,৮৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্ৰণ্টিয়াৰ হাইৱে

নিউজ ডেস্ক by নিউজ ডেস্ক
December 22, 2022
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
অৰুণাচলত নিৰ্মাণ হ’ব ১,৮৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্ৰণ্টিয়াৰ হাইৱে
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে ভাৰত – চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ টাৱাঙত অনুপ্ৰৱেশকাৰী পিপুলছ লিবাৰেচন আৰ্মীৰূপী (পি এল এ) চীনা সৈন্যক ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দি খেদি পঠিওৱাৰ পাছত ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ ক্ষিপ্ৰ যাতায়ত তথা যোগাযোগ ব্যৱস্থাটোৰ উন্নতি সাধন কৰা বিষয়টোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আনকি প্ৰায় ডেৰমাহ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও গুৱাহাটীলৈ কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ আহোঁতে অৰুণাচল প্ৰদেশত পথ যাতায়ত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে প্ৰায় ৫৫ হাজাৰ কৌটি টকা বিনিয়োগ কৰা হব বুলি ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ পথটো আছিল ১,৮৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ্ৰন্টিয়াৰ হাইৱে। টাৱাং সীমান্তৰ সমীপৰ নাফ্ৰাৰ পৰা বহু দুৰ্গম পৰ্বত, গভীৰ সেউজ বনাঞ্চলৰ মাজৰে ট্ৰাই জংচন হিচাপে পৰিচিত (ভাৰত – চীন – ম্যানমাৰ) বিজয়নগৰলৈ নিৰ্মাণ কৰা হ’ব।

আনহাতে নতুন ফ্ৰণ্টিয়াৰ হাইৱেটো ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেড (NIDCL) আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংস্থাই (BRO) যৌথভাবে নিৰ্মাণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছিল। কিন্তু সেই সময়ত গাডকাৰীয়ে প্ৰস্তাৱিত ফ্ৰণ্টিয়াৰ হাইৱেটোৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ কৰি কেতিয়া সম্পূৰ্ণ কৰিব তাক ঘোষণা কৰা নাছিল। কিন্তু টাৱাঙত সংঘটিত শেহতীয়া ঘটনাৱলীয়ে ফ্ৰণ্টিয়াৰ হাইৱেৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হোৱাটো প্ৰায় নিশ্চিত কৰিছে সামৰিক দিশৰ বাবে গুৰুত্বপূৰ্ণ আৰু কৌশলগত প্ৰকল্প হিচাপে বিবেচিত প্ৰকল্পটোৰ নিৰ্মাণকার্য এতিয়া ক্ষিপ্ৰতাৰে হব বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই প্ৰকল্পটোৰ কাম নিৰ্দিষ্ট কিছু অঞ্চলত আৰম্ভ কৰা হৈছে আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী এই আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সৰবৰাহ কৰা হৈছে। বিগত সময়ত চীনে তীব্র আপত্তি কৰা সত্ত্বেও নতুন দিল্লীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনৰ আপত্তিক আওকাণ কৰি মেকমোহন লাইনক অনুকৰণ কৰি এল এ চিৰ সমীপতে ১,৮৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথটো নিৰ্মাণ কৰা হ’ব। নাফ্ৰাৰ মেগ’ৰ পৰা আৰম্ভ হৈ টাৱাং, আপাৰ সোৱণশিৰি, টুটিং, মেছুকা, আপাৰ চিয়াং, দেবাং ভেলী, ডেছালি, চাগলাগাম, কিবিথু, ডং হৈ বিজয়নগৰত পথটো সমাপ্ত হ’ব।

অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি ) সংলগ্ন এই বৃহত্তম আৰু কঠিনতম প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪০ হাজাৰ কোটি টকা ব্যয় কৰিব। টাৱাং ঘটনাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকল্পটো পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই প্ৰকল্পত অৰুণাচল প্রদেশে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ লাভ কৰিব। ইয়াৰ ভিতৰত অৰুণাচল সীমান্ত ঘাইপথ, ট্ৰেন্স অৰুণাচল ঘাইপথ আৰু পূব- পশ্চিম ঔদ্যোগিক কৰিড’ৰ ঘাইপথ। সীমান্ত অঞ্চললৈ দ্রুতগতিত যান-বাহনৰ যাতায়াতৰ বাবে মূল ঘাইপথটো সংলগ্ন কৰিবলৈ ৬টা আন্তঃঘাইপথ কৰিড’ৰ নিৰ্মাণ কৰা হ’ব। এই ঘাইপথকেইটাৰ মুঠ দৈৰ্ঘ্য হ’ব ২,১৭৮ কিলোমিটাৰ । লক্ষনীয়ভাবে এই প্ৰকল্পৰ পৰা অসমো বহুখিনী লাভাম্বিত হব। তাৰ ভিতৰত সংলগ্ন কৰিড’ৰ এটা হৈছে অসমৰ শোণিতপুৰ জিলাৰ ঠেলামৰা-টাৱাং-নেলীয়া ঘাইপথ। যাৰ দৈৰ্ঘ্য হব ৪০২ কিলোমিটাৰ। তেনেদৰে ৩৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইটাখোলা-পাকে-কেচাং-চেপা-পাৰচিপালো ঘাইপথ, ২৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোগামুখ-টালিহা- টাটো ঘাইপথ, ৩৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ আকাজান -জৰগিং-পাংগো ঘাইপথ, ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাছিঘাট-বিচিং ঘাইপথ আৰু ৪০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কানুবাৰী-লংডিং ঘাইপথ।

প্ৰাপ্ত খবৰ মতে অৰুণাচল সীমান্ত ঘাইপথটোৰে সামৰিক বাহিনীৰ জোৱানৰ লগতে যুদ্ধাস্ত্ৰ কঢ়িয়াব পৰা বৃহৎ ক্ষমতাসম্পন্ন হ’ব। যাতে সামগ্রী অনায়াসে এই পথটোৰে কঢ়িয়াব পৰা যাব। প্রয়োজন সাপেক্ষে এই ঘাইপথত অধিক সেনা মোতায়েন কৰাৰো ক্ষমতা থাকিব। উল্লেখ্য যে ২০১৪ চনত তদানীন্তন গৃহ ৰাজ্যিক মন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় আইন মন্ত্রী কিৰেণ ৰিজিজুৱে এই বৃহত্তম আৰু কঠিনতম প্ৰস্তাৱিত প্ৰকল্পটো আগবঢ়াইছিল। সেই চনতে গৃহ মন্ত্ৰালয়ে প্ৰকল্পটোৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ক বিতং প্রকল্প প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত পৰিকল্পনা কৰা অৰুণাচল সীমান্ত ঘাইপথ সন্দৰ্ভত সেই সময়তে চীনে তীব্র আপত্তি দর্শাইছিল। সীমা বিবাদ সমাধান নোহোৱালৈকে নতুন দিল্লীক তেনে প্রকল্প কাৰ্যকৰী নকৰিবলৈ চীনে একপ্ৰকাৰ সকীয়নি দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে সেই সকীয়নিক আওকাণ কৰি প্ৰকল্পটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সম্প্ৰতি এই প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, সীমান্ত পথ সংস্থা আৰু কেইবাটাও সংস্থাৰ সমন্বয়ত এই প্ৰকল্পটো নিৰ্মাণ কৰা হ’ব আৰু তাৰ বাবেই প্ৰস্তুতি আৰম্ভ হৈছে। জানিব পৰা মতে পথছোৱাৰ নিৰ্মাণ কাৰ্যত সীমান্ত পথ সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চীনৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এতিয়া ২০২৬ -২৭ চনৰ ভিতৰত ফ্ৰন্টিয়াৰ হাইৱেৰ নিৰ্মাণ কার্য সম্পূর্ণ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। আনকি সীমান্ত পথ সংস্থাৰ গুৱাহাটীস্থিত পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰ হনুমন্ত সিঙে বিগত দিনকেইটাত ফ্ৰণ্টিয়াৰ হাইৱেটো পাৰ হৈ যাবলগীয়া আৰু সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ কেবাটাও অঞ্চল সঘনাই পৰিদৰ্শন কৰি আছে বুলি জানিব পৰা গৈছে।

Previous Post

গাড়ী ষ্টান্টাৰ ৰোহন আগৰৱালাক গ্ৰেপ্তাৰ

Next Post

মাইম একাডেমীত “মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাইম একাডেমীত “মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ

মাইম একাডেমীত "মায়া বৰুৱা কিয় আহিছিল” নাট মঞ্চস্থ

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰ উমশ্ৰু চোৰাং গৰু, বাহন জব্দ

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ প্রথম পচণ্ডৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে GNIOT

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8