১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰঙৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুবৰণ কৰা সাতকুৰি কৃষক শ্বহীদৰ মহান ত্যাগ ভাৰতীয় সংগ্ৰামী ঐতিহ্যৰ গৌৰৱময় অধ্যায়৷ সেই বীৰ কৃষকসকলৰ আদৰ্শই ভাৰতীয় স্বাধীনতা সংগ্ৰামতো অনুপ্ৰেৰণা যোগাইছিল৷ পথৰুঘাট ৰণৰ অমৰ কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আজি কেন্দ্ৰীয় ভাৱে পালন কৰা ১২৮ সংখ্যক কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা৷ সাতকুৰি কৃষক শ্বহীদ বাকৰিত স্থাপিত স্মৃতি স্তম্ভত কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰী গৰাকীয়ে লগতে মন্ত্ৰীগৰাকীয়ে পথৰুঘাটৰ স্মৃতি স্তম্ভ আৰু তথ্য চিত্ৰ নিৰ্মাণৰ বাবে ২ কোটি ২০ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰে। শ্বহীদ পতাকা উত্তোলন কৰে উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আৰু শ্বহীদ তৰ্পণ কৰে দৰঙৰ আৰক্ষী অধিক্ষক সুশান্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় শ্বহীদ দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে৷