অহা ১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত নিযুক্তি পাব উচ্চতৰ মাধ্যমিক শাখাৰ ২২ হাজাৰ শিক্ষকে। ৭৫ বছৰৰ পুৰণি বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দিব ৩ কোটি টকা কলিয়াবৰত এই মন্তব্য প্ৰদান ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ।
লক্ষণীয় যে, ৰাজ্যৰ লগতে কলিয়াবৰৰ কেইবাখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ শিক্ষকৰ পদ খালী থকাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল বিভিন্ন সংবাদ মাধ্যমত ৷ আনহাতে¸কলিয়াবৰত দ্বিতীয়খন চৰকাৰী স্নাতক মহাবিদ্যালয় স্থাপন সন্দৰ্ভতো মন্তব্য প্ৰদান সমষ্টিটোৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
উল্লেখ্য যে, সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ বাজেটত নিৰ্ধাৰিত কলিয়াবৰত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন হ’ব। এই খবৰৰ পাছতেই কলিয়াবৰৰ শিক্ষাৰ্থীসকলক উৎসাহিত হোৱা পৰিলক্ষিত হৈছিল।