তীব্ৰগতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২লাখ ৮২হাজাৰ ৯৭০গৰাকীকৈ লোক। মঙলবাৰৰ তুলনাত ৪৪,৮৮৯গৰাকী বৃদ্ধি পালে বুধবাৰে। এই সময়চোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪৪১গৰাকী। বিগত ২৪ঘন্টাত ১লাখ ৮৮ হাজাৰ ১৫৭গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। ইফালে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮,৯৬১গৰাকী। দেশত কোৰোনা পজিটিভিটিৰ হাৰ হৈছে ১৫.১৩শতাংশ।