বিজেপিৰ ২জন আৰু বি পি এফৰ ১জন বিধায়কৰ ভোট বাতিলৰ বাবে নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে কংগ্ৰেছে। বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, গণেশ লিম্বুৰ লগতে বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়োৰ ভোট বাতিলৰ দাবী।
বেলট পেপাৰ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰি গোপনীয়াতা ভংগৰ অভিযোগ কংগ্ৰেছৰ। উল্লেখ্য যে, বিৰোধীৰ এই অভিযোগ নস্যাত কৰিছে বিজেপিয়ে। আনহাতে, কিছুসময়ৰ পূৰ্বে ১৫গৰাকী AIUDFৰ বিধায়ক একেলগে প্ৰৱেশ কৰিছে বিধানসভা কক্ষত।