কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে মোডী চৰকাৰে নতুন অপৰাধীক আইন ৰূপায়ন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ অপৰাধীক ন্যায় প্ৰণালী শক্তিশালী কৰিবলৈ তিনিখন নতুন আইন- ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষী আইন ১ জুলাইৰ পৰা কাৰ্যকৰী হব।
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো ৱেবছাইট আৰু মোবাইল এপ ‘সংকলন’ মুকলি কৰি তেওঁ কয় যে পৰ্টেল আৰু এপটোৱে তিনিখন নতুন আইনৰ সন্দৰ্ভত নাগৰিক আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক নিৰ্দেশনা দিব। এপটোৱে পুৰণি আৰু নতুন অপৰাধী আইন একত্ৰিত কৰি নতুন ন্যায় ব্যৱস্থাৰ মসৃণ ৰূপায়ণত সহায় কৰিব। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়, “মোডী চৰকাৰ নতুন অপৰাধী ন্যায় ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
উল্লেখ্য যে, ৩ খন নতুন আইনে ২১ ডিচেম্বৰত সাংসদত মঞ্জুৰী লাভ কৰিছিল আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ২৫ ডিচেম্বৰত সন্মতি প্ৰদান কৰিছিল। এই নতুন আইনে ঔপনিৱেশিক যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ স্থান ল’ব।