লক্ষীপুৰৰ বিজেপি বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৩০ গৰাকীকৈ প্ৰশাসনিক বিষয়াই। বিধায়ক কৌশিক ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিষয়াসকলৰ। মন্ত্ৰী অশোক সিংঘালৰ উপস্থিত ৩ গৰাকীকৈ প্ৰশাসনিক বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে প্ৰশাসনিক বিষয়া কেইগৰাকীয়ে।
এক বান শিবিৰ পৰিদৰ্শন কালত প্ৰশাসনিক বিষয়া দীপাংকৰ নাথ, বিকাশ ছেত্ৰী আৰু হুছেইন মহম্মদ মবিনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।
উক্ত ঘটনাৰ বাবে কাছাৰ জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকল ক্ষোভিত হৈ পৰিছে। বিধায়কগৰাকীয়ে চৰকাৰী প্ৰশাসনিক বিষয়াসকলক চাউল চোৰ আখ্যা দিয়াৰ উপৰিও চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল অসংসদীয় শব্দ।