অৰুণাচলৰ টাৱাঙৰ ভাৰত-চীন সীমান্তত অলপতে সংঘটিত হৈছিল দুয়ো দেশৰ সেনাৰ মাজত সংঘাত। ফলত দুয়ো দেশৰ কেইবাজনো সেনা আহত হৈছে। অৱশ্যে এই সংঘাতৰ পিছতে দুয়োখন দেশৰ সেনাৰ শীৰ্ষ বিষয়া বৈঠকত মিলিত হয় আৰু সীমান্তত শান্তি শৃংখলা অটুট ৰখাৰ চেষ্টা কৰে। উল্লেখ্য যে ২০২১ ৰ অক্টোবৰতো অৰুণাচলৰ ভাৰত-চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত সংঘাত হৈছিল।
তথ্য মতে ৯ ডিচেম্বৰত হোৱা সংঘাতত চীনৰ আটাইতকৈ বেছি সেনা আহত হৈছে। ভাৰতীয় সেনাই অতি পৰাক্ৰমেৰে এই সংঘাতত চীনা সৈন্যক উচিত শিক্ষা দিছে। জানিব পৰা মতে ৩০ জন ভাৰতীয় সেনা আৰু তাতোকৈ বেছি চীনা সেনা আহত হৈছে। ২০২০ ৰ ১৫ জুনত লাডাখৰ গালৱান উপত্যকাতো ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘাত হৈছিল। সেই সংঘাতৰ ফলতেই ২০ জনকৈ ভাৰতীয় সেনাই প্ৰাণ ত্যাগ কৰিছিল। একেদৰে চীনৰো কেইবাজনো সেনাও নিহত হৈছিল।