পশ্চিম গুৱাহাটীৰ আমবাৰী তিনিআলি দুৰ্গা মন্দিৰ প্ৰাংগণত অসম গণ পৰিষদৰ ভগ্নী সংগঠন পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ এখনি সাধাৰণ সভা অলপতে অনুষ্ঠিত হয়। বিধান পৰিষদৰ সভানেত্ৰী গিতাঞ্জলি নাথ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । সভাৰ আঁত ধৰে সম্পাদিকা গীতা মণ্ডল ডেকাই। সভাত উপস্থিত গুৱাহাটী পৌৰনিগমৰ অন্তৰ্গত ১৬টা ৱাৰ্ডৰ বিষয়ববীয়া, ৮ আঞ্চলিকৰ বিষয়ববীয়া সকলৰ উদ্দেশ্য বক্তব্য আগবঢ়াই বিধায়ক কলিতাই মহিলা সবলিকৰণৰ বাবে চৰকাৰে লোৱা আঁচনি সমূহত সমষ্টিৰ প্ৰতিজন মহিলা সদস্যই যাতে অন্তৰ্ভুক্ত হব পাৰে তাৰ বাবে পদক্ষেপ লোৱা হব বুলি কয়।
আত্মসহায়ক গোটৰ জড়িয়তে মহিলা সকলক বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা স্বাৱলম্বী হব পৰাকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলিও তেওঁ বক্তব্যত কয়।উক্ত সভাতে অসম গণ পৰিষদ দলত প্ৰায় ৩০ গৰাকী যুৱক যুৱতীয়ে যোগদান কৰে।সভাত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰী ,ৰাজেন মেধি , পৌৰনিগমৰ পাৰিষদ ক্ৰমে দীপাংকৰ বৈশ্য, বিজু মেধি, কল্পনা দাস, পূৰবী তালুকদাৰ, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, প্ৰণৱ দাস জ্যোষ্ঠ অগপ নেতা গোলাপ ডেকা , প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া প্ৰমুখ্যে বহু কেইগৰাকীদলীয় নেতা কৰ্মী উপস্থিত থাকে।