মঙলবাৰে অনুষ্ঠিত হোৱা লোকসভা সমষ্টিৰ নিৰ্বাচনত পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ড এলেকাৰ মেঘালয় সীমান্তবৰ্তী গাঁওকেইখনৰ ভোটাৰ ৰাইজে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে। জানিব পৰা মতে তিনিখন প্ৰাথমিক বিদ্যালয়ত থকা ছয়টা ভোট গ্ৰহণ কেন্দ্ৰত থকা ৩,২৬৯ জন ভোটাৰৰ ভিতৰত প্ৰায় ২,৭০০ জনমানে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে।
উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁলোকে শ্বিলং লোকসভা সমষ্টিৰ অন্তৰ্গত জিৰাং বিধানসভা সমষ্টিত ভোটদান কৰিছিল। বছৰ বছৰ ধৰি অসম – মেঘালয় দুয়োখন ৰাজ্যৰ নিৰ্বাচনত ভোটদান কৰি অহা অসম – মেঘালয় সীমান্তবৰ্তী গাঁও কেইখনৰ ভিতৰত শালশেৰ পাটগাঁও, লংচাই, ৰাণীবাৰী বিলপৰা, ভালাখাৱাৰ ভোটাৰে মুদুকী প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। ইয়াত থকা দুটা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ১,৪০২ জন। বাখালাপাৰা প্ৰাথমিক বিদ্যালয়ত বাখালাপাৰা, জিমিৰগাঁও, কুণ্ডিল নগৰৰ ভোটাৰে ভোটদান কৰে। ইয়াত দুটা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ৯০০ জন। শালসেৰ প্ৰাথমিক বিদ্যালয়ত শালসেৰ, বাতাবাৰী, উমশ্ৰু, পাটগাঁও বান্ধপাৰাৰ ভোটাৰে ভোটদান কৰে। তাত ভোটাৰৰ সংখ্যা আছিল ৯৬৭ জন।
উল্লেখ্য যে, প্ৰশাসনিক দিশত এই গাঁও কেইখন অসমৰ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত। আগতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হৈছে। তেনেদৰে মেঘালয়ৰ ফালৰ পৰা সেই গাঁওকেইখন ৰিভয় জিলাৰ জিৰাং সমষ্টিৰ পাথাৰখামা আৰক্ষী থানাৰ অন্তৰ্গত। দ্বৈত ভোটাৰ হিচাপে পৰিগণিত হোৱা এইসকল জনজাতীয় বাসিন্দাৰ দুয়োখন ৰাজ্যৰ ৰেচন কাৰ্ড থকাকে ধৰি সকলো চৰকাৰী সা – সুবিধাও লাভ কৰি আহিছে। অৱশ্যে বাসিন্দা সকল শান্তিপূৰ্ণ আৰু সকলোৰে সৈতে সহাবস্থান কৰি মিলিজুলি বাস কৰি অহা বাবে তেওঁলোকে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।