APSC কেলেংকাৰীৰে নাম সাঙোৰ খোৱা ৩২জন ৰাজপত্ৰিত বিষয়াক আটক কৰিছে এছ আই টিয়ে। বক্ৰপথেৰে চাকৰি লোৱা ঘটনাৰে অভিযুক্ত বিষয়াসকলক মঙলাবাৰে নিশা আটক কৰা হয়।
মন কৰিবলগীয়া যে,বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছিল আটাই কেইজনৰ নাম। প্ৰথম অৱস্থাত যেতিয়া ২০১৭-১৯ চনত APSC কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল। শেহতীয়াকৈ APSC কেলেংকাৰীত জড়িতসকলকলৈ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাকলৈ প্ৰায় সকলোৰে মনত আশাৰ সঞ্চাৰ হৈছে।
অৱশ্যে এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা তথা বিপ্লৱ শৰ্মা আয়োগত উল্লেখিত বিষয়াসকলৰ সম্পূৰ্ণ তালিকা সম্প্ৰতি লাভ কৰা নাই। সেয়ে বিষয়াসকলৰ নাম সম্প্ৰতি জানিব পৰা হোৱা নাই।