• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ৰাজনীতি, গুৱাহাটী
1 min read
0
বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ
Share on FacebookShare on Twitter

যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে সোমবাৰেও যুদ্ধকালীন তৎপৰতাৰে মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত পানীনসৰকা তালাচী চলাই “অলক্লিয়াৰ” অভিযান অধিক তীব্ৰতৰ কৰি তুলিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷

ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰিও ধাৰাপুৰ, আঠগাওঁ, শান্তিপুৰ, কটাহবাৰী, কুমাৰপাৰা আদি গুৰুত্বপূৰ্ণ অঞ্চলৰ ৰাজপথত জোৰদাৰ তালাচী চলায়।

যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, জোনালী পাটোৱাৰী, বেবীলতা দলে, প্ৰণৱ কলিতা, পংকজ দাস, মীৰা পাটোৱাৰীকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে সোমবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১২০০ৰো অধিক বাহনত তালাচী চলাই ৷

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যানবাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ১১০খনৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৩৫খনৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷

আনহাতে, তালাচী অভিযানৰ সমান্তৰালভাৱে বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মীৰ এটা দলে মহানগৰীৰ ফেন্সীবজাৰ, মাছখোৱা, বৰাগাওঁ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়িক বাহনৰ মালিক, যান-বাহন ব্যৱহাৰকাৰী ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত অতৰ্কিতে উপস্থিত হৈ দীৰ্ঘদিন ধৰি আদায় নিদিয়া যানবাহনৰ কৰ আগন্তুক দুদিনৰ ভিতৰত পৰিশোধ কৰিবলৈ চূড়ান্ত সকীয়নি দিয়ে। অন্যথা যিকোনো মুহূৰ্ততে সন্মুখীন হ’বলগীয়া ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভতো অভিযানকাৰী দলে ইঙ্গিত দিয়ে ৷

ইফালে সমগ্ৰ অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে ৩১ মাৰ্চৰ ভিতৰত সকলো বাহনেই কৰ আদায় দিব লাগিবই, ফাকি-ফুকাৰে কোনোবাই বাচি যাব পাৰিব বুলি ভাৱিলেও সেয়া অসম্ভৱ৷ প্ৰয়োজনত আগন্তুক ৰঙালী বিহুলৈকে অভিযান চলাই হ’লেও যানবাহনৰ কৰ ফাকি দিয়াসকলক বিচাৰি উলিয়াই কৰ আদায় কৰা হ’ব। কিয়নো যানবাহনৰ কৰ আদায় আৰু নথিপত্ৰ নৱীকৰণৰ লগত ৰাজ্যবাসীৰ সুৰক্ষিত যাতায়তৰ কথা জড়িত হৈ আছে বুলিও পৰিবহণ বিষয়াগৰাকীয়ে মন্তব্য কৰে।

Previous Post

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ নীলিম মহন্ত

১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ নীলিম মহন্ত

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8