ৰাজ্যৰ জনসাধাৰণক টোল গেটৰ টেক্সে অতিষ্ঠ কৰি তুলিছে, এখনৰ পিছত আন এখন টোল গেট স্থাপনেৰে জনসাধাৰণৰ পৰা টোল টেক্স সংগ্ৰহৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ সময়তে পোহৰলৈ আহিছে অসমৰ ৪ খনকৈ টোল গেটেই প্ৰকৃততে অবৈধ।
তথ্য অনুসৰি সমগ্ৰ দেশত বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি ১৮৯ খনকৈ টোলগেট স্থাপন কৰি টোল টেক্স সংগ্ৰহ কৰি থকা হৈছে৷ এই আটাইকেইখন টোল গেটেই অবৈধ বুলি কোৱা হৈছে। ৰেচপন্ছ ফ’ৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে লাভ কৰা তথ্য মতে সমগ্ৰ দেশত ১৮৯ খন টোলগেট ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি স্থাপন কৰা হৈছে৷
এই ১৮৯ খন টোলগেটৰ ভিতৰত আছে অসমৰ ৪ খনকৈ টোলগেট। উল্লেখ্যে যে আইন অনুসৰি প্ৰতিখন টোলগেটৰ মাজত নূন্যতম ৬০ কিলোমিটাৰৰ ব্যৱধান থাকিব লাগে। কিন্ত ১৮৯ খন টোল গেটৰ মাজৰ দূৰত্ব ৬০ কিলোমিটাৰতকৈ কম। ইয়াৰ ভিতৰত অসমৰ ৪ খন টোল গেইটো এই নিয়ম ভংগ কৰি স্থাপন কৰা হৈছে।
উল্লেখ্য যে, অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হ’ল ৫৯ কিলোমিটাৰ। আনহাতে দাহালপাৰা আৰু পাটগাঁৱত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৪ কিলোমিটাৰ। মিকিৰআটি আৰু ৰহাত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৩ কিলোমিটাৰ। গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৪৬ কিলোমিটাৰ।
তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে প্ৰকাশিত এই তথ্যই অসমৰ চাৰিখনকৈ টোলগেট ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি স্থাপন কৰা বিষয়টো স্পষ্ট হৈছে। চৰ্চা অনুসৰি নিয়ম উলংঘা কৰি স্থাপন কৰা এই টোল গেট কেইখন ভাঙি পেলোৱা হ’ব। অৱশ্যে এই টোল গেট কেইখন ভাঙি পেলালেও পুনৰ ৬০ কিলোমিটাৰ ব্যৱধানত স্থাপন কৰি যে টোল টেক্স সংগ্ৰহৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব সেই কথাও চৰ্চা হৈছে।