১ মাৰ্চৰ পৰা ৭ মার্চলৈ সমগ্ৰ দেশজুৰি অনুষ্ঠিত ‘জন ঔষধি দিৱস’ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ উলুবাৰীত এই দিৱস উদযাপন অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আজি সমগ্ৰ দেশৰ জন ঔষধি পৰিযোজনাৰ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ স্বত্বাধিকাৰসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্রত্যক্ষ কৰে।
উল্লেখ্য যে, প্রয়োজনীয় ঔষধৰ গুণগত ব্যৱহাৰ আৰু জন ঔষধি পৰিযোজনাৰ লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ‘জন ঔষধি দিৱস উদযাপিত হৈ আহিছে। চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত এইবাৰৰ ‘জন ঔষধি দিৱসৰ বিষয়বস্তু হৈছে “জন ঔষধি- জন উপযোগী। বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ বাবে গুণগত মানৰ ঔষধৰ উপলব্ধিকৰণ, জেনেৰিক ঔষধৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি আৰু জন ঔষধি কেন্দ্ৰ মুকলিকৰণৰ জৰিয়তে উদ্যমিতাক উৎসাহিত কৰাই প্ৰধানমন্ত্রী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ মূল লক্ষ্য।
“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ উত্তৰণত চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূবত ৮০০ জন ঔষধি কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। তদুপৰি অসমত স্থাপন কৰা হ’ব ৪০০টা এনে কেন্দ্ৰ, যাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ দিশটো টনকিয়াল হোৱাই নহয়, উদ্যমীসকলৰ বাবে উপাৰ্জনৰ পথো প্ৰশস্ত হ’ব। এই কেন্দ্ৰসমূহত আয়ুর্বেদিক, হোমিঅ’পেথী, উনানী, সিদ্ধ আদি পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ বাবে যাৱতীয় ঔষধ্যে সহজলভ্য হ’ব।”, সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়।
আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ কুইন ওজাৰ সৈতে কেইবাটাও বঁটা বিতৰণ কৰে। জন ঔষধি সৰ্বশ্ৰেষ্ঠ বঁটা ৰূপা চেত্রীক, জন ঔষধি যুটি বঁটা-অৰ্চনা বৰঠাকুৰ আৰু সীমা বৰাক, জন ঔষধি মিত্ৰ বঁটা মুকেশ শৰ্মাক আৰু জন ঔষধি দূত বঁটা ভাগৱ বৈশ্যক প্ৰদান কৰা হয়।