উলহ-মালহেৰে ৰাজ্যবাসীয়ে পালন কৰিলে উৰুকা। সকলোৱে মিলি লগে-ভাগে ললে ভোগালীৰ আনন্দ। এইবাৰ উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী। অৱশ্যে, ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহন বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান। মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ’ল ৪৮ টা গোচৰ। আনহাতে মহানগৰীত সৰ্বমুঠ গোচৰ ৰুজু হ’ল ৫৯৬ টা। সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ’ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ।