অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হবলগীয়া পৌৰসভা আৰু নগৰ কমিটিৰ নিৰ্বাচন উপলক্ষে ৰাজ্যজুৰি শাসকীয় বি জে পি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কঁকালত টঙালি বান্ধিছে। তাৰ পাছত অহা এপ্ৰিল মাহত বহাগ বিহুৰ আগে আগে অনুষ্ঠিত হব গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ নিৰ্বাচন।
আনহাতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন উপলক্ষে মিত্ৰজোঁটৰ লগতে আন আন ৰাজনৈতিক দল সমূহেও তলে তলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ মাজতে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চলৰ মালিগাঁৱৰ সমীপৰ কালাপানী গাৰো জনজাতি যুৱ সংঘত ৰবিবাৰে বিভিন্ন ৰাজনৈতিক দলৰ পাঁচ শতাধিক নেতা – কর্মীয়ে অগপ দলৰ নীতি আদৰ্শত আস্থা প্ৰকাশ কৰি অগপ দলত যোগদান কৰে। এই উপলক্ষে অসম গণ পৰিষদ দলৰ নেতা গজেন মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উপ-সভাপতি ভূপেন ঠাকুৰীয়াৰ লগতে অগপ নেতা ক্ৰমে ধনজিৎ ৰাজবংশী, বিজয় মাৰাক, কমলা প্ৰধান, নাৰায়ণ ভাণ্ডাৰী আৰু একনাট শৰ্মা।
সভাখনত অসম গণ পৰিষদ দলটোৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৃহত্তৰ কালাপানী, দ্বাৰকা নগৰ , গাৰোবস্তি, মিঠা আমৰতল, ৰাজীৱ নগৰ, মিকিৰঘুলি, বনফুল নগৰ, দেৱীপথ, নেপালীবস্তি বেলতল আৰু নালাপাৰা অঞ্চলৰ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে কাম কৰি যোৱা প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। অগপ নেতৃবৰ্গই যোগদান কৰা সকলক অগপ দলৰ টুপী আৰু গামোচাৰে আদৰণি জনায়। লগতে দলটোৰ সাংগঠনিক দিশটো শক্তিশালী কৰি আগুৱাই যাবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এই যোগদানে অগপৰ লগতে মিত্ৰজোঁটৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাটো নিশ্চিত বুলি ৰাজনৈতিক সমীক্ষক সকলে ব্যক্ত কৰিছে।