জম্মু-কাশ্মীৰৰ বাবে ৩২,০০০ কোটি টকাৰ প্ৰকল্প আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি প্ৰধানমন্ত্ৰীয়ে জম্মুত এক বিশাল জনসভা সম্বোধন কৰি এই প্ৰকল্পৰ শুভাৰম্ভ কৰে।
ভাষণৰ সময়তে মোডীয়ে কয় যে জম্মু-কাশ্মীৰৰ সৈতে তেওঁৰ সম্পৰ্ক ৪০তকৈ অধিক বছৰ পুৰণি। তেওঁ এই ঠাইলৈ বহুবাৰ আহিছে। জম্মু-কাশ্মীৰৰ মানুহৰ মৰম তেওঁৰ বাবে ডাঙৰ আশীৰ্বাদ বুলি উল্লেখ কৰি জম্মু-কাশ্মীৰৰ বিকাশৰ কথাও দোহাৰে তেওঁ। মোডীয়ে কয় যে, জম্মু-কাশ্মীৰত বিকাশ তীব্ৰগতিত হৈ আছে। ইয়াত সংযোগ বৃদ্ধি গৈছে। এতিয়া ইয়াত IIT আৰু IIM আছে, ইয়াৰ পৰাই জম্মু আৰু কাশ্মীৰৰ উন্নয়ন এই কথাৰ পৰা অনুমান কৰিব পাৰি। পূৰ্বৰ চৰকাৰক কটাক্ষ কৰি মোডীয়ে কয় যে, জম্মু-কাশ্মীৰ পৰিয়ালবাদৰ কবলত পৰিছিল। পৰিয়ালকলৈ ৰাজনীতি কৰাসকলে কেৱল নিজৰ স্বাৰ্থৰ কথা জানে।
তেওঁ কয় যে, ৭০ বছৰ ধৰি জনতাই দেখি থকা সপোন আহিবলগীয়া কেইটামান বছৰৰ ভিতৰত পূৰণ হব। বৰ্তমান জম্মু-কাশ্মীৰ বিকাশৰ সংকল্প লৈ আগবাঢ়িছে।