ৰাজ্যত শুকুৰবাৰে নতুনকৈ ৭৩৯ গৰাকী লোকৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে আৰু মৃত্যু হয় ১৫ জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৭,২০,৬৭৮ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৬,৫৩৩ গৰাকী ৷ বৰ্তমানো সংক্ৰিয় হৈ আছে ১১,৯৪২ টা ঘটনা(Covid active Cases in Assam) ৷ শুকুৰবাৰৰ দিনটোৰ পজিটিভিটি হাৰ হৈছে ২.৬৭% ৷
ৰাজ্যৰ ভিতৰত কামৰূপ মহানগৰীত সৰ্বাধিক ১৬৫ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে যোৰহাটত ৫৯ গৰাকী, লখিমপুৰত ৫৯ গৰাকী আৰু গোলাঘাটত ৫৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, যোৰহাট, কামৰূপ মহানগৰীত ৩ গৰাকীকৈ, গোলাঘাট, শিৱসাগৰত, শোণিতপুৰত দুজনকৈ আৰু চৰাইদেউ, নলবাৰী আৰু তিনিচুকীয়া জিলাত এজনকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷
বৰ্তমানলৈকে ৰাজ্যত ২,৭৯,৭৯,৭১৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে ৭,২০,৬৭৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে ৯৭.২৫ ৷